ধিং সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক মজিবুৰ ৰহমান বিজেপিলৈ

 08/11/2019 - 15:47

মৈৰাবাৰীঃ কংগ্ৰেছৰ ভেটিত খহনীয়া। এইবাৰ নগাঁও জিলাৰ ধিং সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক গ’ল বিজেপিলৈ। বিজেপি গমনৰ প্ৰাকক্ষণত সাংবাদিকৰ আগত মজিবুৰ ৰহমানৰ প্ৰতিক্ৰিয়া। অসমত জনপ্ৰিয়তা হেৰুৱাইছে কংগ্ৰেছে। মোদীৰ দক্ষতাক প্ৰশংসা মজিবুৰৰ। কংগ্ৰেছত এতিয়া ভাল মানুহৰ স্থান নাই।

এসময়ত কংগ্ৰেছত তৰুণ গগৈ, ৰিপুন বৰা আৰু ৰকিবুলৰ বাদে কোনো নাথাকিবগৈ। এই তিনি সিদ্ধৰ বাবেই কংগ্ৰেছ বিলীন হ’ব এআইইউডিএফত। ৰকিবুলৰ নাম উচ্চাৰণ নকৰাকৈয়ে মজিবুৰ ৰহমানে ক’লে নগাঁও কংগ্ৰেছত ৰকিবুলৰ বৰ্তমানত সাধাৰণ কংগ্ৰেছীৰ কোনো মৰ্যদা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।