২০ বছৰে নিৰ্মাণ নহ'ল গোসাইগাঁও ২ নম্বৰ ভোমৰাবিলৰ এখন দলং

 08/11/2019 - 15:55

শ্ৰীৰামপুৰঃ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ২ নম্বৰ ভোমৰাবিলত বিগত ২০ বছৰে নিৰ্মাণ নহ'ল এখন দলং। চৰকাৰ সলনি হোৱাৰ পাছতো অন্ত নপৰিল ৰাইজৰ দুৰ্দশা। অঞ্চলটোত বিগত প্ৰায় ২০ বছৰ আগতে কাঠৰ দলং নিৰ্মাণ কৰিছিল যদিও দলংখন শোচনীয় অৱস্থাত পৰিণত হৈছে। যাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলবাসীয়ে।

জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাত উপায়হীন হৈ স্থানীয় ৰাইজে নিজেই মেৰামতি কৰে এই দলংখন। কিন্তু এই দলঙেৰে বিপদসংকুল যাত্ৰা কৰাৰ বাবে শংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।