নাজিৰাঃ শিৱসাগৰ জিলাৰ নাজিৰা নিবাসী তথা সুলেখিকা, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী পুণ্যলতা ভূঞাৰ আজি ৮৩ সংখ্যক ওপজা দিন তেওঁৰ বাসগৃহত দিন যোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই ওপজা দিনৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নাজিৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা উমা কোঁৱৰ উপস্থিত থাকে।
পুণ্যলতা ভূঞাৰ জন্ম দিনৰ লগত সংগতি ৰাখি তেওঁ সম্পাদনাৰে "প্ৰত্যাশা" নামেৰে এখন প্ৰৱন্ধ সংকলন উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দুৰ্লভ বুঢ়াগোহাঁইয়ে। ওপজা দিনৰ লগত সংগতি ৰাখি পুণ্যলতা ভূঞাক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন আৰু গুণ মুগ্ধ ব্যক্তিৰ তৰফৰ পৰা জনোৱা হয় সম্বৰ্ধনা।
ওপজা দিনৰ প্ৰাকক্ষণত কবিতা আবৃত্তি পৰিৱেশন কৰে ক্ৰমে মন্মথ ভূঞা আৰু কুমুদ কলিতাই, গীত পৰিৱেশন কৰে অনাতাঁৰ শিল্পী দিলীপ দাস আৰু অৰূপ দত্তই। এই ওপজা দিনতেই ৮৩ বছৰীয়া পুণ্যলতা ভূঞাক নাজিৰা মহাবিদ্যালয় কেন্দ্ৰীয় পুথিভঁৰাল "ভ্ৰাম্যমাণ পুথিভঁৰালৰ ২০১৯ বৰ্ষৰ শ্ৰেষ্ঠ পঢ়ুৱৈৰ বঁটা" প্ৰদান কৰে নাজিৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° ৰাজেন্দ্ৰ মোহন দেৱশৰ্মা আৰু আদিত্য কলিতাই। অনুষ্ঠানভাগি গুণমুগ্ধ ব্যক্তি আৰু স্থানীয় ব্যক্তিৰ উপস্থিতিৰে সাফল্যমণ্ডিত কৰি তোলে।