08/11/2019 - 16:53
in
মৰিয়নীঃ মৰিয়নীৰ হোলংগুৰি চাহ বাগিছাত বিগত সপ্তাহত অন্ধবিশ্বাসৰ বলি হৈ ডাইনীৰ সন্দেহত গাঁৱৰ লোকে দুই মহিলাক খেদি পঠিওৱাৰ একসপ্তাহৰ পাছতে বাগিচাৰ পৰিদৰ্শকৰ তৎপৰতাত যোৰহাট জিলা আৰক্ষী অধীক্ষকে আজি নিজে বাগিচাত উপস্থিত হৈ বাগিচাৰ কাৰখানাত সজাগতা সভা আয়োজন কৰে৷
আজিৰ সভাত উপস্থিত থাকে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষ বৈভৱ নিম্বলকাৰ, তিতাবৰ মহকুমা আৰক্ষী বিষয়া সুব্ৰজ্যোতি বৰা, মৰিয়নী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক বৰা, মৰিয়নী থানাৰ আৰক্ষী পৰিদৰ্শক ৰাজেন বৰা, দেবেৰাপাৰ উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজিৱ দাস আৰু বাগিচাৰ পৰিচালক৷