ধিংঃ ধিঙৰ উধান তলাত যোৱা নিশা সংঘটিত হয় এক লোমহৰ্ষক ডকাইতি কাণ্ড। এই ডকাইতি কাণ্ডৰ ফলত মহিলাসহ ছয়জনকৈ লোক আহত হয়। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে। শনিবাৰৰ নিশা প্ৰায় আঠ বজাত ধিং উধানতলাৰ কাছেম আলীৰ ঘৰত হাতে-হাতে পিষ্টল আৰু ডেগাৰ লৈ প্ৰৱেশ কৰে ১০/১২ জনীয়া এটা দুৰ্বৃত্তৰ দল। ঘৰত প্ৰৱেশ কৰিয়েই এই দলটোৱে কাছেম আলীৰ পৰিয়ালৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ কৰাৰ লগতে লুটপাত আৰম্ভ কৰে।
ডকাইতৰ আক্ৰমণত মহিলাসহ ছজনকৈ লোক গুৰুতৰভাৱে আহত হয়। আহত আটাইকে নিশাই ধিং এফ আৰ ইউও ভৰ্তি কৰা হয় যদিও এজনক নগাঁৱলৈ প্ৰেৰণ কৰা হয়। আঁঠুত চোকা অস্ত্ৰৰে দুৰ্বৃত্তই ঘাপ দিয়াত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত অতি শোচনীয় অৱস্থাত চিকিৎসকে নগাঁৱলৈ প্ৰেৰণ কৰে।
শনিবাৰে এই পৰিয়ালটোৱে ঈদৰ বজাৰ কৰিবৰ বাবে মাকৈ বিক্ৰী কৰি ঘৰত ৰখা একলাখ টকা লুটি নিয়ে ডকাইতৰ দলটোৱে। লগতে আ-অলংকাৰো লুট কৰি নিয়ে। কাছেম আলীৰ পৰিয়ালে অভিযোগ কৰা মতে এই দুৰ্বৃত্তৰ দলটো আছিল একে গাঁৱৰে উচমান গুনিৰ নেতৃত্বত অহা এটি বৃহৎ ডকাইতৰ দল। ডকাইতৰ দলটোৰ বিৰুদ্ধে কাছেম আলীৰ পৰিয়ালে ইতিমধ্যে ধিং থানাত এজাহাৰ দাখিল কৰিছে যদিও। এই এজাহাৰৰ ভিত্তিতে ধিং আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।