শালকোচাত ডাম্পাৰ-বাইকৰ সংঘৰ্ষত নিহত এজন

 03/30/2019 - 19:04

বিলাসীপাৰা: বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত পুৰণি হাতীপোতাত শনিবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰণি হাতীপোতাত তীব্ৰ বেগী ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী মহিবুল মণ্ডল (২২়) নামৰ যুৱকজন। মহিবুল মণ্ডলৰ ঘৰ চাপৰৰ ধীৰেৰচৰ ১ম খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে।

আনহাতে গুৰুতৰভাৱে আহত আন জন বাইক আৰোহী জালাল উদ্দিন (২৩)। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত যুৱকজনক স্থানীয় ৰাইজৰ সহযোগত চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে নিহত যুৱকজনক উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS19E-6100, আৰু ডাম্পাৰখনৰ নম্বৰ BP2A-6368। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।