দৰঙত ৬ টা উটসহ তিনি ব্যৱসায়ী আটক

 08/11/2019 - 17:58

মঙলদৈঃ দৰঙৰ ধূলা আৰু মঙলদৈ থানাৰ আৰক্ষীয়ে জব্দ কৰে ছটা উট। ধূলাৰ টাংনি বজাৰলৈ বিক্ৰীৰ বাবে অনা হৈছিল উটকেইটা। সুদূৰ ৰাজস্থানৰ পৰা লৈ আনিছিল আটাইকেইটা উট। যিহেতু ৰাজস্থানৰ পৰা এতিয়া উট অনা বাধা আছে তেনে ক্ষেত্ৰত দৰঙৰ বজাৰত এনেদৰে মুকলিকৈ উট বিক্ৰী কৰাৰ বিষয়ে আৰক্ষীযে জানিব পাৰি লগে লগে উটকেইটা জব্দ কৰে।

উটৰ লগতে আন তিনি গৰাকী ব্যৱসায়ীকো আটক কৰে আৰক্ষীয়ে। উট বিক্ৰীৰ ক্ষেত্ৰত আৰক্ষীয়ে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ধাৰাৰ অধীনত নিজাববীয়াকৈ মঙলদৈ থানাত এটা কেচ ৰুজু কৰিছে। উল্লেখযোগ্য যে এতিয়া ধূলা থানাত ৫ টা আৰু মঙলদৈ থানাত এটা উট ৰখা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.