বালিপৰাঃ শোণিতপুৰ জিলাৰ শিঙিতলী, ৰাজগড়, বেৰাজান আদি বিভিন্ন ঠাইত শনিবাৰে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়তৰ নেতৃবৃন্দই বান সাহায্য বিতৰণ কৰে। বিশ্বনাথ জিলা জমিয়তৰ সভাপতি মৌলানা নুৰুল আমিন কাছিমীৰ উপস্থিতিত উক্ত ঠাইসমূহৰ প্ৰায় ৩০০ টা বানপীড়িত পৰিয়ালৰ মাজত বান সাহায্য বিতৰণ কৰা হয়।
সাহায্য সামগ্ৰীৰ প্ৰতিটো পেকেটত থাকে ৬ কেজিকৈ চাউল, ১ কেজি দালি, ১ লিটাৰ খোৱাতেল, ১ কেজি নিমখ, ১ পেকেট বিস্কুট, ১ খনকৈ লুঙী, এখনকৈ শাৰী আৰু এখন তিৰ্পাল। অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ উদ্যোগত আগবঢ়োৱা এই সাহায্য লাভ কৰা হিতাধিকাৰীসকলে জমিয়তৰ এই মানৱীয় পদক্ষেপৰ শলাগ লোৱা পৰিলক্ষিত হৈছে।
সাহায্য প্ৰদান অনুষ্ঠানত শোণিতপুৰ জিলা নেমছুৰ সভাপতি আজনুৰ হুছেইন, উলেমা কাউন্সিলৰ সভাপতি মৌলানা ৰফিকুল ইছলাম, মানশিৰি আঞ্চলিক নেমছুৰ সাধাৰণ সম্পাদক গুলজাৰ হুছেইনৰ লগতে অন্যান্য আঞ্চলিক কমিটিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।