জনীয়াৰ শওপুৰত ৩০০ গৰাকীলৈ বানসাহায্য প্ৰদান

 08/11/2019 - 20:45

জনীয়াঃ চাৰ্চ অগজিলিয়াৰী ফৰ ছ’চিয়েল একচন চমুকৈ 'কাচা'ৰ উদ্যোগত আৰু দুবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এন জি অ’ জনীয়াস্থিত আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত ৰবিবাৰে ৰুপসী্ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩০০ গৰাক বানপীড়িত হিতাধিকাৰীক সাহায্য বিতৰণ কৰা হয়।

তদুলক্ষে অনুষ্ঠিত সভাত আদৰণি ভাষণ দিয়ে জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিকে। উক্ত বান সাহায্য বিতৰণী সভাত কাচা সংগঠনৰ লিচু মেৰু, যোচেফ পি শ্যাম, শওপুৰৰ কাউন্সিলৰ আলতাফ হুছেইন আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।