কাকপথাৰঃ স্বাধীনতা দিৱস সমাগত৷ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ তিনিটা দিন থকাৰ অৱস্থাত সষ্টম হৈ পৰিছে কাকপথাৰ আৰক্ষী৷ উজনি অসমৰ স্পৰ্শকাতৰ তিনিচুকীয়া জিলাৰ অসম অৰুনাচল সীমান্তৱৰ্তী অঞ্চল কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কেইবাটাও স্থানত অসম আৰক্ষী, কামাণ্ডো, ভাৰতীয় সেনাই যুটীয়াভাবে উগ্ৰপন্থীৰ বিৰুদ্ধে তালাচী আৰু অভিযান অব্যাহত ৰাখিছে৷ ৰাইজৰ নিৰাপত্তাৰ প্ৰতি দৃষ্টি ৰাখি সীমামূৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা অহা দুচকীয়া, চাৰিচকীয়া সকলো ধৰণৰ বাহন তন্ন তন্নকৈ তালাচী চলাই স্বাধীনতা দিৱসলৈ উদযাপন সাজু হৈছে অসম আৰক্ষী৷
উল্লেখযোগ্য যে কিছুদিনৰ আগতে অৰুণাচল প্ৰদেশৰ পৰা ডিৰাক সীমান্ত ন-দিহিং নদীৰে আলফা(স্বা)ৰ সাত জনীয়া এটা দলে অসমত প্ৰৱেশ কৰাৰ বাতৰি পাই অসম আৰক্ষী, ভাৰতীয় সেনাই কামাণ্ডোসহ যুটীয়াভাবে অভিযান চলোৱাত দুজন আলফা (স্বাঃ)ৰ সদস্যই তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বিপৰীতে পাঁচজনে পুনৰ অৰুণাচলৰ গভীৰ অৰণ্যলৈ উভতি যায় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ স্পৰ্শকাতৰ তিনিচুকীয়া তথা কাকপথাৰ অঞ্চলক অসম আৰক্ষী, ভাৰতীয় সেনা তথা কামাণ্ডো বাহিনীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে কেনেদৰে মোকাবিলা কৰে সেইয়া লক্ষ্যণীয় হ'ব৷