08/12/2019 - 14:26
in
ডিগবৈঃ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল জয়ৰামপুৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ দিশত। অসম আৰু অৰুণাচল প্ৰদেশৰ সমন্বয় বার্তা কঢ়িয়াই আনিবলৈ এই প্ৰচেষ্টা হাতত লৈছে সুধাকণ্ঠৰ অনুৰাগীসকলৰ।
পথাৰ শিল্পী লোহিত গগৈ, অৰুণাচলৰ প্ৰাক্তন মন্ত্ৰী কমেলি মছাং, আৰ কে এম এম ছ’চাইটিৰ সম্পাদক জয়ৰামপুৰৰ আৰূপ চৌধুৰী, নিৰ্মাণ সমিতিখনৰ সভাপতি মনিশ লিম্বুৰ নেতৃত্বত নিৰ্মাণ হৈ থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তি অহা ৮ ছেপ্টেম্বৰত শুভ উদ্বোধন কৰা হ'ব।