জিএনআৰচিত শিশু ৰোগীক ধৰ্ষণ

 03/30/2019 - 20:54

গুৱাহাটীঃ আকৌ এক চাঞ্চল্যকৰ ধৰ্ষণকাণ্ডই কঁপাইছে ৰাজ্য৷ এইবাৰ এগৰাকী ১৪ বছৰীয়া চিকিৎসাধীন কিশোৰীক ধৰ্ষণ কৰিলে চিকিৎসালয়ৰ কৰ্মচাৰীয়ে৷ এই ঘটনা ঘটিছে উত্তৰ গুৱাহাটীত অৱস্থিত জিএনআৰচি হাস্পতালত৷ হাস্পতালখনৰ আইচিইউত থকা এগৰাকী কিশোৰীক ৱাৰ্ডবয় এজনে নিশা ধৰ্ষণ কৰে৷

কালি নিশা ১২ মান বজাত আইচিইউত ৱাৰ্ডবয়জনে লাইট নুমুৱাই ধৰ্ষণকাণ্ড সংঘটিত কৰে৷ ইতিমধ্যে আৰক্ষীয়ে ধৰ্ষণকাৰী ৱাৰ্ডবয় চানমহম্মদক আটক কৰিছে৷ এই জঘন্য ঘটনাই উত্তৰ গুৱাহাটীত থকা জিএনআৰচি হাস্পতালত ৰোগীৰ যে সুৰক্ষা নাই সেয়া উদঙাই দিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।