উত্তৰ গুৱাহাটীত ঈদ-উজ-জোহা পালন

 08/12/2019 - 14:39

উত্তৰ গুৱাহাটীঃ শান্তি-সম্প্ৰতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে অসমটো পবিত্র ঈদ-উজ-জোহা পালন কৰা হয়। ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত সম্প্ৰীতিৰ এনাজৰি অটুত ৰখাৰ আহ্বান জনাই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আমিনগাঁও, বৰ ৰংমহল, জলাহ, মান্দাকাটা, বৃহত্তৰ চাংসাৰি অঞ্চলত পবিত্ৰ ঈদ-উজ-জোহা উপলক্ষে ঈদগাহ পথাৰত পুৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ নামাজ পঢ়ে।

ঈদ উপলক্ষে ইজনে সিজনক ঈদৰ শুভেচ্ছা জনায়৷  আজি  উত্তৰ আমিনগাঁৱৰ বিভিন্ন ঈদগাহ পথাৰত  পৱিত্ৰ ঈদ-উজ্-জোহা  উপলক্ষে সমূহীয়া ঈদৰ পবিত্ৰ নামাজ পঢ়াৰ শেষত  ইছলাম ধৰ্মাৱলম্বীসকলে আল্লাৰ ওচৰত দোৱা প্রার্থনা কৰে৷ লগতে সমগ্ৰ পৃথিৱীতে হিংসা, অশান্তি, অপশক্তি আদি দূৰ কৰি সমগ্ৰ দেশতে মানৱ জাতিৰ উন্নতি, শান্তি, কল্যানৰে বিয়পি পৰাৰ বাবে প্ৰাৰ্থনা কৰে৷ আন আন ধৰ্মাৱলম্বীসকলেও এই আনন্দ উৎসৱত অংশ লোৱা পৰিলক্ষিত হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।