ৰহাঃ ৰহাৰ মাগুৰগাঁও পঞ্চায়তত গাঁওবুঢ়া আৰু মৌলবীৰ বিৰুদ্ধে বান সাহায্যৰ সামগ্ৰী হৰলুকী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে বৰপানী নদীৰ প্ৰলয়ংকৰী বানে বিধ্বস্ত কৰা ৰহাৰ মাগুৰগাঁও পঞ্চায়ত চাৰিখনখন গাঁৱলৈ আইচিআইচিআই বেংক নামৰ প্ৰতিষ্ঠানটোৱে বান সাহায্য প্ৰেৰণ কৰিছিল। সেইমতে প্ৰত্যেকখন গাঁৱৰে ডেৰশজনকৈ হিতাধিকাৰী বাচনি কৰি শনিবাৰে সামগ্ৰীসমূহ বিতৰণ কৰা হৈছিল।
কিন্তু পঞ্চায়তটোৰ চৰাইজুৰিয়া গাঁৱৰ ৰাইজে এই সাহায্য লাভ নকৰিলে। গাঁওখনৰ মাত্ৰ ৭জন লোকক সামগ্ৰী দি বাকী সামগ্ৰী শালমৰাৰ গাঁওবুঢ়া আৰু দুজন মৌলবীয়ে আত্মসাৎ কৰা বুলি অভিযোগ তুলিছে চৰাইজুৰীয়াৰ ৰাইজে। লগতে ক্ষোভিত হৈ পৰিছে বঞ্চিত লোকসকল। জানিব পৰা মতে বেংক প্ৰতিষ্ঠানটোৱে চাউল, ডাইল, চিৰা, মম আদি সন্নিবিষ্ট মুঠ ৬৭০টা টোপোলা সাহায্যৰ বাবে প্ৰেৰণ কৰিছিল।
কিন্তু চৰাইজুৰীয়া গাঁৱৰ হিতাধিকাৰীক এই সামগ্ৰী নিদিয়াত স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে এই সামগ্ৰী বিতৰণত গাঁওবুঢ়া জড়িত নহয় বুলি স্বীকাৰোক্তি দিছে গাঁওবুঢ়া ৰমজান হকে। গাঁওবুঢ়াৰ মতে এই সামগ্ৰীসমূহ কৰ্তৃপক্ষৰ উপস্থিতিত বিতৰণ কৰা হৈছিল।
চৰাইজুৰীয়াৰ ৰাইজে শনিবাৰে আঢ়ৈ বজালৈকে হিতাধিকাৰীৰ তালিকা নিদিয়াৰ বাবেই হেনো বাতিল কৰা হ'ল গাঁওখনৰ হিতাধিকাৰীসকলক। যদি গাঁওখনৰ হিতাধিকাৰীক বাতিল কৰা হ'ল তেন্তে সেই সামগ্ৰীসমূহ ক’লৈ গ'ল সেই লৈও প্ৰশ্ন উত্থাপন হৈছে।