08/12/2019 - 15:46
in
বিজনীঃ চিৰাং জিলাৰ বিজনী আনন্দ বজাৰত আৰক্ষীৰ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ বিজনী আৰক্ষীৰ। বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত বিজনী আৰক্ষীৰ দলটিয়ে অতৰ্কিতে অভিযান চলাই আনন্দ বজাৰৰ সুজিৎ দাসৰ গেলামালৰ দোকানৰ পৰা ৫৬ কাৰ্টন অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় যদিও দোকানখনৰ স্বত্বাধিকাৰী তথা অবৈধ সুৰা ব্যৱসায়ী সুজিৎ দাস পলাই সাৰিবলৈ সক্ষম হয়।
জব্দকৃত সুৰাখিনিৰ মূল্য ডেৰ লক্ষাধিক টকা। আৰক্ষীয়ে জব্দকৃত সুৰাখিনি বিজনী থানালৈ লৈ আহে। উল্লেখ্য যে দোকানখনৰ স্বত্বাধিকাৰী সুজিৎ দাসে দীৰ্ঘদিনৰে পৰা নিজৰ গেলামাল দোকানত বিলিতী সুৰাৰ অবৈধ বেহা চলাই আহিছিল। সম্প্ৰতি সুজিৎ দাস পলাতক অৱস্থাত আছে।