নিশা জেএমচিএইচত অপ্ৰীতিকৰ পৰিস্থিতি

 08/12/2019 - 16:40

যোৰহাটঃ নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয়। প্ৰসুতি বিভাগত নিশা ৰোগীক দেখা কৰিবলৈ অহা তিনিগৰাকী মহিলাক ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে ৱাৰ্ডত প্ৰবেশ কৰাত বাধা প্ৰদান কৰাক লৈ সৃষ্টি হয় এই পৰিস্থিতি।

তিনি গৰাকীৰ ভিতৰত দুগৰাকী যাবলৈ দিয়াৰ পাছত আনগৰাকীয়ে বাগানৰ লোকক অৱগত কৰে বিষয়টো। লগে লগে চাহ বাগিচাৰ একাংশ শ্ৰমিক আহি আৰম্ভ কৰে ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ লগত তৰ্ক যুদ্ধত লিপ্ত হয় আৰু আহত হয় এজন নিৰাপত্তাৰক্ষী। আৰক্ষীৰ উপস্থিতিত শাম কাটে পৰিস্থিতি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।