জটিল ৰোগত আক্ৰান্ত এটি কণমানিঃ সহায় আহ্বান পৰিয়ালৰ

 08/12/2019 - 16:46

ঢকুৱাখনাঃ ঢকুৱাখনা সমষ্টিৰ ১ নং পাৰঘাট গাঁৱৰ দেৱ দাস আৰু সুভদ্ৰা দাসৰ একমাত্ৰ সন্তান জুমন দাস। নাৰ্ভ আৰু হাড়ৰ কিছু বিসংগতিৰ বাবে বহা, খোজকঢ়া আদিৰ বাবে আনৰ সহায় ল'লেও পঢ়াত আছে তীব্ৰ ৰাপ। জন্মতে সকলো স্বাভাৱিক আছিল যদিও ৬ মাহ মানৰ পিছৰ পৰা কণমানিটিৰ শাৰীৰিক প্ৰতিবন্ধকতা পৰিয়ালৰ দৃষ্টিগোচৰ হোৱাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়, আদিত্য নাৰ্চিংহোম ইত্যাদিত বিভিন্ন চিকিৎসা কৰি আহিছে যদিও কোনো সু-ফল পোৱা নাই।

বান-গৰাখহনীয়াত জৰ্জৰিত দেৱ দাসৰ পৰিয়ালে কণমানিটিৰ চিকিৎসাৰ নামত যি এপদ সা-সম্পত্তি আৰু মাটি আছিল তাকো বিক্ৰী কৰিলে‌। সেইয়ে এতিয়া আৰু অধিক উন্নত চিকিৎসাৰ বাবে আগবঢ়াৰ ক্ষেত্ৰত পৰিয়ালটো একেবাৰে অসহায় হৈ পৰিছে। সেইয়ে পৰিয়ালে বিচাৰিছে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ লগতে বিভিন্ন জনৰ অলপ সঁহাৰি। কণমানিটিক আৰ্থিক সহায়ৰ বাবে একাউণ্ট নম্বৰ 0633010603102, IFSC-IITRT0GI MG9I

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।