ৰঙিয়াঃ ঈদত ঘৰলৈ আহি থাকোতে এক পথ দুৰ্ঘটনাত ধুহিবালাৰ একেটা পৰিয়ালৰ তিনিগৰাকীকৈ সদস্যই মৃত্যুক সাৱটি ল’ব লগা হোৱা ঘটনাই ঈদৰ উৎসাহ ম্লান হৈ পৰিছে সমগ্ৰ ধুহিবালাতে। ঘটনাৰ বিষয়ে জানিব পৰা মতে ৰঙিয়া মহকুমাৰ ২ নং ধুহিৰ নুৰ মহম্মদ আলী (৩৫) নামৰ ব্যক্তি জনে দেওবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটী আজৰা কাহিকুছিৰ পৰা পত্নী জিলিমা বেগম (২৫) আৰু একমাত্ৰ পুত্ৰ সন্তান চাহিল আলী (৭)ক লগত লৈ বাইকেৰে নিজ গৃহ ধুহিবালালৈ আহি আছিল।
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি ডোৰা কহৰা পোৱা মাত্ৰকে পিচফালৰ পৰা এখন ট্ৰাকে তীব্ৰ গতিত খুন্দা মৰাত নুৰমহম্মদৰ লগতে পত্নী, পুত্ৰৰ ঘটনাস্থলীতে মৃত্যু হয়। আৰক্ষী গৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। ইফালে আজি আবেলি সময়ত একেটা পৰিয়ালৰে তিনিগৰাকীকৈ ব্যক্তিৰ মৃতদেহ নিজগৃহলৈ অনাৰ পিছত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰে। স্থানীয় ৰাইজে মৃতদেহকেইটা জানাজা সম্পন্ন কৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে নুৰমহম্মদ আলী দীৰ্ঘ দিনৰ পৰা আজৰা কাহিকুছিত কাপুৰৰ টেইলাৰ হিচাপে কৰ্মৰত হৈ আছিল।