হাটশিঙিমাৰীত ট্ৰাকৰ খুন্দাত মৃত্যু যুৱকৰ

 03/31/2019 - 16:08

হাটশিঙিমাৰী: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত বেপাৰীপাৰাত ট্ৰাকৰ খুন্দাত থিতাতে এজন যুৱকৰ মৃত্যুৰ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। আজি দিনৰ ১১ বজাত ML-08-E - 1663 নম্বৰৰ ট্ৰাকখনে হাটশিঙিমাৰীৰপৰা বেপাৰীপাৰা পাৰঘাট অভিমুখে যাত্ৰা কৰা সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।

মৃত্যু হোৱা যুৱকজন চৰ কাশাৰিপাৰা গাঁৱৰ বাসিন্দা আমিন উদ্দিনৰ পুতেক মণ্ডল(১৮) বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰপৰা ট্ৰাকচালকজন পলায়ন কৰে যদিও সুখচৰ আৰক্ষী উপস্থিত হৈ ট্ৰাকখন জব্দ কৰে আৰু যুৱকজনৰ মৃতদেহটো সুখচৰ আৰক্ষী চকীলৈ লৈ যায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।