ঢকুৱাখনাৰ এজন পুৰোহিতৰ নিৰৱ প্ৰকৃতি সুৰক্ষা আন্দোলনঃ ৯৩ টা বিভিন্ন প্ৰজাতিৰ কাছক নদীত এৰি জীৱন দান

 08/13/2019 - 14:41

ঢকুৱাখনাঃ ঢকুৱাখনাৰ মাজ-জালভাৰীৰ অতুল চন্দ্ৰ শৰ্মা নামৰ এজন সচেতন প্ৰকৃতিবিদ ব্ৰাহ্মণ পুৰোহিতে যোৱা ২৯ বছৰে নিৰৱে কাম কৰি আহিছে কাছ সংৰক্ষণৰ ক্ষেত্ৰত। বৰ্তমালৈকে ৯৩ টা সৰু বৰ বিভিন্ন প্ৰজাতিৰ কাছ অতুল চন্দ্ৰ শৰ্মাই দানসূত্ৰে লাভ কৰি ঢকুৱাখনাৰ বিভিন্ন ঠাইৰ নদীত এৰি দি আহিছে। আজিও ব্ৰহ্ম পুৱাতে তেওঁ দান হিচাপে লাভ কৰা বৰ কাছৰ পোৱালি ভাটি জালভাৰীত অৱস্থিত চাড়িকৰীয়া নদীত মুক্ত কৰি দিয়ে। উল্লেখ্য যে ১৯৯০ চনৰ পৰাই বৈদিক সমাজৰ বিভিন্ন ৰীতি-নীতি, সংস্কাৰ আৰু ধৰ্মীয় অনুষ্ঠানত পুৰোহিত হিচাপে কাম কৰি অহা অতুল চন্দ্ৰ শৰ্মাই বিভিন্ন ব্যক্তিৰ পৰা বিগত সময়ত দান সূত্ৰে লাভ কৰা সৰু বৰ কাছ ৯৩ টা কাছক এই পৰ্যন্ত মুকলি কৰি দিছে নদীত।

এইজন ব্ৰাহ্মণ পুৰোহিতে বিলুপ্তপ্ৰায় কাছ সংৰক্ষণৰ বাবে অকলেই সজাগতা সৃষ্টিৰো প্ৰয়াস চলাই আহিছে বিভিন্ন স্থানত। অতুল চন্দ্ৰ শৰ্মাই কাছ নধৰিবলৈ তথা ভক্ষণ নকৰিবলৈ সকলোকে আহ্বান জনাই কয় যে কাছ হৈছে পানী পৰিস্কাৰ কৰা এবিধ গুৰুত্বপূৰ্ণ জীৱ যিবোৰ বৰ্তমান সময়ত দিনকদিনে পৃথিৱীৰ পৰা বিভিন্ন কাৰণত হ্ৰাস পায় আহিছে আৰু এনেদৰে হ'লে এদিন পৃথিৱীৰ পৰা ই বিলুপ্তি হ’বলৈ বেছি দিন নালাগিব। সেয়েহে লুপ্তপায় কাছ সংৰক্ষণৰ ব্যৱস্থা সকলোৱে কৰিব লাগে। লগতে তেওঁ সকলোকে অনুৰোধ কৰি কয় যে লুপ্তপায় কাছবোৰ কোনেও যাতে হত্যা কৰি ভক্ষণ নকৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।