জনজাতি সুৰক্ষা সমিতি গঠন

 08/13/2019 - 14:51

নাৰায়নপুৰঃ অসমৰ ইতিহাসত আৰু এখন সমিতি গঠন হয়। জনজাতিসকলৰ বিভিন্ন দিশত সুৰক্ষা হোৱাকৈ আজি প্ৰায় অৰ্ধশতাধিক জনজাতীয় লোকৰ উপস্থিতিত জনজাতি সুৰক্ষা সমিতি নামেৰে এখন সমিতি গঠন কৰে। এই উদ্দেশ্যে নাৰায়নপুৰ ৰাজহুৱা পুথিভঁৰাল প্ৰাঙ্গনত সমাজ সেৱক মহেন দেউৰীৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় আৰু মিচিং জনগোষ্ঠীৰ অগ্ৰণী নেতা প্ৰভু পাৱেয়ে সভাৰ আ‍ঁত ধৰে।

লগতে উক্ত সভাত শিক্ষাবিদ দেবেন্দ্ৰ নাথ টায়ুঙক সভাপতি আৰু দেউৰী জনগোষ্ঠীৰ নেতা শিবাষীশ দেউৰীক প্ৰধান সম্পাদক হিচাপে ৩১ এখনি শক্তিশালী সমিতি গঠন কৰে। উল্লেখযোগ্য যে অলপতে ৰাজ্য চৰকাৰে নাৰায়নপুৰ মাধৱদেৱ মহাবিদ্যালয় খন মাধৱদেৱ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ কৰাৰ পাছত নিযুক্তি লাভ কৰিব লগীয়া কৰ্মচাৰীসকলৰ ভিতৰত অধিকাংশ নিযুক্তি জনজাতিসকলৰ বাবে সংৰক্ষিত হ’ব পৰাকৈ অচিৰেই বিভাগীয় কৰ্তৃপক্ষক দাবী উত্থাপন কৰিব বুলিও জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।