ধিংঃ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি বিজেপিৰ ধিং টাউন মণ্ডল আৰু ধিং ক্ৰীড়া সন্থাৰ উদ্যোগত ধিং ষ্টেডিয়ামৰ পৰা মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ একতাৰ দৌৰৰ আয়োজন কৰা হয়৷ এই দৌৰ আনুষ্ঠানিকভাৱে মুকলি কৰে বিধায়িকা আঙুৰলতাৰ লগতে অভিনেতা ৰবি শৰ্মাই৷
অভিনেতা ৰবি শৰ্মাই কয় যে আজিৰ এই একতা দৌৰৰ জৰিয়তে আমি অসমবাসীয়ে জাতি, ধৰ্ম, বৰ্ণ নিৰ্ৱিশেষে একগোট হৈ থাকি দেশখন প্ৰগতিৰ পথত আৰু আগুৱাই লৈ যাব লাগিব। বিজেপি যোগদান কৰা প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নত তেওঁ আৰু কয় যে সদায়ে আমাৰ দায়িত্ববোৰ প্ৰতিবাদ কৰোতেই শেষ হৈ যায়।
সেয়ে এইবাৰ প্ৰতিবাদৰ পৰা গৈ কাৰ্যক্ষম হ’ব বুলি ভাবিছো। চল্লিশ বছৰে সমাধান নোহোৱা চলচ্চিত্ৰ নীতিও এইবাৰ পাছ হৈ আহিলে। গতিকে মই সম্পূৰ্ণ আশাবাদী এই চৰকাৰৰ দিনত আমাৰ এক সুন্দৰ ভবিষ্যত আছে। এই অনুষ্ঠানত স্বৰ্ণকন্যা হিমাৰ পিতৃ ৰঞ্জিত দাসো উপস্থিত থাকে।