উত্তৰ গুৱাহাটীত তীৰৰ মুকলি বেহা

 08/13/2019 - 15:35

আমিনগাঁওঃ উত্তৰ গুৱাহাটী মধ্যমখণ্ড পাৰঘাটত জলপৰিবহণ পল্টুনখনৰ পৰাই কৰ্মচাৰীৰ সহযোগত কমিছনৰ বিনিময় চলে তীৰৰ আদ্দা। ফেৰীৰে পাৰ হোৱা যাত্ৰীৰ লগত নেটৱৰ্ক গঢ়ি চলাইছে তীৰখেলৰ ৰমৰমীয়া বেহা। আৰক্ষীৰে সুসম্পৰ্ক ৰক্ষা কৰি বৰবিহ তীৰৰ সাম্ৰাজ্য গঢ়ি তুলিছে। কেৱল জাহাজতে নহয় চাহ, তামোল-পাণৰ দোকানতো তীৰৰ মুকলি বেহা।

ডেমকেয়াৰ বুকীয়ে কাৰোলৈ কেৰেপ নকৰে। বৰবিহ তীৰৰ বাবে বহু ঘৰ ধ্বংস হোৱাৰ লগতে নৱপ্ৰজন্মকো তীৰে গ্ৰাস কৰিছে। গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰখনৰ চকুমুদা কুলিৰ ভাও জোৰা আৰক্ষীয়ে লেকাম লগাব নে কমিছনৰ অংকত চলাই যাবলৈ দিব সেয়া হে লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।