08/13/2019 - 16:08
in
ডিজিটেল ডেস্কঃ এনআৰচিৰ সন্দৰ্ভত ন ন সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে নথি পত্ৰ পুনৰীক্ষণৰ সম্ভাৱনীয়তা নাকচ কৰি জনাই যে আধাৰ কাৰ্ডৰ দৰেই গোপনীয় হ'ব এনআৰচিৰ তথ্য। কেৱল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হাততহে এনআৰচিৰ তথ্য থাকিব।
লগতে কয় যে এনআৰচিত বাদ পৰা সকলৰ নাম কেৱল এবাৰহে প্ৰকাশ কৰা হ'ব। আৰু এনআৰচিৰ অনলাইন অধিকাৰ থাকিব কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ তথা সমন্বয়কৰ হাতত। লগতে এই কথাও জনাই যে ২০০৪ ৰ ৩ ডিচেম্বৰৰ পিছত জন্ম হোৱা সকলৰ নাম এনআৰচিৰত অন্তৰ্ভুক্ত কৰা নহয়।