উত্তৰ গুৱাহাটীত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন

 08/13/2019 - 17:00

আমিনগাঁওঃ উত্তৰ গুৱাহাটীৰ অগ্ৰণী সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন ৰজাদুৱাৰ ক্লাৱ আৰু লাইব্ৰেৰী। বিগত বছৰৰ দৰে এই বেলিও ৰজাদুৱাৰ ক্লাৱ আৰু লাইব্ৰেৰীৰ উদ্যোগত তিনিদিনীয়াকৈ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এখনি স্বাধীনতা দিৱস আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

ৰজাদুৱাৰস্থিত ফুটবল খেল পথাৰত অহা ১৫, ১৭ আৰু ১৮ আগষ্টত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। বিজয়ী আৰু ৰানাৰ্ছআপ দলক নগদ ধন আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হ’ব। ইচ্ছুক প্ৰতিযোগী দলবোৰক অহা ১৪ আগষ্ট আবেলিৰ ভিতৰত ৮৪০২৮৭১৫৫১ নম্বৰত যোগাযোগ কৰি যোগদান নিশ্চিত কৰিবলৈ আয়োজক সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছে। লগতে উক্ত তিনিও দিনেই ক্ৰীড়াপ্ৰেমী ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিত কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।