তিনিচুকীয়া-দুলীয়াজান পথ অৱৰোধ

 08/13/2019 - 18:10

তিনিচুকীয়াঃ তিনিচুকীয়া-দুলীয়াজান পথৰ টিংৰাই নৈৰ কাষত তিনিচুকীয়া পৌৰসভাই জাৱৰ-জোথৰ পেলাই পৰিবেশটো বিনস্ত কৰি অহাৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বৰডুবি আঞ্চলিক সমিতিৰ উদ্যোগত গোৰ্খা ছাত্ৰ সন্থা, তিনিচুকীয়া আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত পথ অৱৰোধ কায্যসূচী ৰূপায়ন কৰে৷

প্ৰশাসন আৰু পৌৰসভাই আজি পথ অৱৰোধ কৰাৰ কথা আগতীয়াকৈ জানিব পাৰি উক্ত স্থানলৈ প্ৰতিনিধি প্ৰেৰণ কৰিছিল যদিও প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ কথাত সন্তুষ্ট নহয় আৰু পথ অৱৰোধ কায্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদকাৰীসকলে জানিব দিছে যে পূৰ্বতেও জাৱৰ-জোথৰসমূহ এনেদৰে নেপেলাবৰ কাৰণে আন্দোলন কৰি আহিছে আৰু পৌৰসভাই ঠাইখিনি উন্নত কৰিব বুলি কথা দিছিল যদিও কথা কথাই হৈ থাকিল৷ অতি সোনকালে যদি জাৱৰ-জোথৰ পেলোৱা নিয়মটো উন্নত পৰ্যায়লৈ ৰূপান্তৰিত নকৰে তেন্তে ভৱিষ্যতে ইয়াতকৈ অধিক ৰূপত আন্দোলন গঢ়ি তুলিব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।