ৰঙিয়াঃ ৰঙিয়া অগপ সমষ্টি সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক তথা ৰঙিয়া জিলা সমিতিৰ কাৰ্য্যনিৰ্বাক সদস্য দীপেশ দাসৰ লগতে বৈদ্যগড় আঞ্চলিকৰ সম্পাদক হিৰণ কলিতাই আজি আনুষ্ঠানিকভাবে অসম গণ পৰিষদ দলৰ পৰা পদত্যাগ কৰে। আজি দুয়োজন নেতাই জিলা অগপৰ সম্পাদক নাজিমুদ্দিন আহমেদৰ হাতত আনুষ্ঠানিকভাবে পদত্যাগ পত্ৰ প্ৰদান কৰে।
ইতিমধ্যে পদত্যাগ কৰা প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমানৰ অগপ নেতা দুগৰাকীয়ে প্ৰায় ১৪ বছৰ কাল ৰঙিয়াত অগপ দলটোক শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। অগপ দলৰ সক্ৰিয় নেতা হিচাপে থকা দুগৰাকী ব্যক্তিয়ে এনেদৰে দল এৰি যোৱাটো দলটোৰ বাবে এক মোক্ষম আঘাত। ইফালে নেতা দুগৰাকীয়ে পদত্যাগ পত্ৰখনত যদিও ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰিছে।
প্ৰকৃততে ইয়াৰ আঁৰত যে দলটোৰ ভিতৰত কেইবাজনো নেতাৰ নিষ্ক্ৰীয়তাৰ বাবে এনে সিদ্ধান্ত ল’ব লগা হ’ল এইটো নিশ্চিত। আন এক সূত্ৰৰ পৰা জানিব পৰা মতে অচিৰেই নেতা দুগৰাকীৰ লগতে ৰঙিয়াৰ অগপ আৰু যুৱ পৰিষদৰ বৃহৎ দল এটাই বিজেপিত যোগদান কৰিব। যদিহে সুত্ৰটোৱে জানিব দিয়া ধৰণে অগপ আৰু যুৱ পৰিষদৰ বৃহৎ সংখ্যাক নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে তেতিয়া হ’লে ৰঙিয়াত অগপ শূন্য দল হিচাপে চিহ্নিত হ’ব।