নগাঁও লোকসভাত কঠিন সংগ্ৰামত ৰূপক শৰ্মা-প্ৰদ্যুৎ বৰদলৈঃ প্ৰফুল্ল মহন্তৰ ভূমিকাও হ'ব লক্ষ্যণীয়

 03/31/2019 - 17:12

জমিৰ উদ্দিন তালুকদাৰ: সপ্তদশ লোকসভাৰ ৰণঘন্টা বাজি উঠাৰ লগে লগে দেশজুৰি বলিছে নিৰ্বাচনী উত্তপ্ত বতাহ৷ কোন সমষ্টিত কোন জিকিব, কোন দলৰ নেতৃত্বত দিল্লীত গঠন হ'ব চৰকাৰ? সৰ্বত্ৰে নিৰ্বাচনী হিচাপ-নিকাচ চলি থকাৰ সময়তে ১০নং নগাঁও লোকসভা সমষ্টিত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ৷

সমষ্টিটোত কংগ্ৰেছ-বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে৷ দুয়োটা দলৰ প্ৰাৰ্থীয়ে ঠায়ে ঠায়ে পথসভা, ৰোড শ্ব', নিৰ্বাচনী সভা পাতি ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ বিজেপিৰ অক্ষত দূৰ্গস্বৰূপ ১০নং নগাঁও লোকসভা সমষ্টি পুনৰবাৰ বিজেপি দলে নিজৰ দখললৈ নিব পাৰিবনে? নে বিজেপিৰ দূৰ্গ হৈ পৰা সমষ্টিটো কংগ্ৰেছ দলে পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ'ব?

৯টা বিধানসভা সমষ্টিৰে গঠিত নগাঁও লোকসভা সমষ্টি৷ হোজাই, নগাঁও আৰু মৰিগাঁও জিলাৰে গঠিত নগাঁও লোকসভা সমষ্টিত থকা বিধানসভা সমষ্টি কেইটা হৈছে যমুনামুখ, হোজাই, লামডিং, বঢ়মপুৰ, ৰহা, নগাঁও সদৰ, মৰিগাঁও, লাহৰিঘাট আৰু জাগীৰোড৷ অহা ১৮এপ্ৰিলত সমষ্টিটোত অনুষ্ঠিত হ'ব নিৰ্বাচন৷ মুঠ ১৭,৭৪,৪৬৫ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷

সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন দিছে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ, বিজেপিৰ ৰূপক শৰ্মা, তৃণমূল কংগ্ৰেছৰ সহদেৱ দাস, পূৰ্বাঞ্চল জনতা পাৰ্টি (চেকুলাৰ)-ৰ আজগৰ আলী, অসম জন মৰ্চাৰ চাইফুল ইছলাম চৌধুৰী, ভাৰতীয় গণ পৰিষদৰ সুকান্ত মজুমদাৰ আৰু নিৰ্দলীয়ৰ ৰূপত জাকিৰ হুছেইনে৷ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা সমষ্টিৰ ৬টা বিধানসভা সমষ্টি ক্ৰমে হোজাই, লামডিং, ৰহা, জাগীৰোড, নগাঁও, মৰিগাঁও সমষ্টিকেইটা বিজেপিৰ দখলত থকাৰ উপৰি বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদ দলৰ দখলত আছে বঢ়মপুৰ সমষ্টি৷

লাহৰিঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰতিনিধি থকাৰ বিপৰীতে যমুনামুখ সমষ্টিত আছে এআইইউডিএফৰ বিধায়ক৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টি ভিত্তিক কংগ্ৰেছ, বিজেপি, অগপ আৰু এআইইউডিএফৰ ভোটৰ সংখ্যালৈ চালে সমষ্টিটোৰ এক জটিল ৰাজনৈতিক সমীকৰণ ওলাই আহে৷ তথ্যনুসৰি, ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত হোজাই সমষ্টিত বিজেপিয়ে ১,০৫,৬১৫টা ভোট, কংগ্ৰেছ দলে ৩৫,২০৭টা ভোট আৰু এআইইউডিএফে লাভ কৰিছিল ৪৯,৭৫৬টা ভোট৷

লামডিং সমষ্টিত কংগ্ৰেছে ৪১,৬১৭টা, বিজেপিয়ে ৭২,০২৫টা আৰু এআইউডিএফে লাভ কৰিছিল ৩৯,০৬১টা ভোট৷ যমুনামুখ সমষ্টিত কংগ্ৰেছে ২৩,৮৪৯টা, অগপই ৪,৭৩২টা, নিৰ্দলীয় প্ৰাৰ্থী (বৰ্তমান অগপ) ৫২,১৯৫টা ভোট আৰু এআইইউডিএফে লাভ কৰিছিল ৬৫,৫৯৯টা ভোট৷ বঢ়মপুৰ সমষ্টিত অগপ (বিজেপিৰ মিত্ৰ দল) দলে ৬৫,৭৬৮টা, কংগ্ৰেছে ৬০,৫৯৯টা আৰু এআইইউডিএফে লাভ কৰিছিল ২৭৮৭টা ভোট৷ ৰহা সমষ্টিত বিজেপিয়ে ৭৬,৯৪১টা, কংগ্ৰেছে ৪৩,৮৬৭টা আৰু এআইইউডিএফৰ প্ৰাৰ্থীয়ে লাভ কৰিছিল ৩৮,৭৫৭টা ভোট৷

জাগীৰোড সমষ্টিত বিজেপিয়ে লাভ কৰিছিল ৯৪,৫৫০টা ভোট, কংগ্ৰেছে ৬৬,২২৪টা আৰু এআইইউডিএফে লাভ কৰিছিল ৭১৯২টা ভোট৷ নগাঁও সদৰ সমষ্টিত বিজেপিয়ে লাভ কৰিছিল ৬৬,৭০৬টা ভোট, কংগ্ৰেছে ৫৩,৪৪২ টা আৰু এআইইউডিএফে লাভ কৰিছিল ১৮,০৩৮টা ভোট৷ মৰিগাঁও সমষ্টিত বিজেপিয়ে ৮০,৬৬৯টা ভোট, কংগ্ৰেছে ৫১,০৪৬টা ভোট৷ সমষ্টিটোত এআইইউডিএফে প্ৰাৰ্থী দিয়া নাছিল৷ চিপিআই দলে লাভ কৰিছিল ৩,৫২৬টা ভোট৷

লাহৰিঘাট সমষ্টিত কংগ্ৰেছে ৫৭,৯০৪টা, বিজেপিৰ মিত্ৰ দল অগপৰ প্ৰাৰ্থীয়ে ২৫,৬৯২টা, আৰু এআইইউডিএফে লাভ কৰিছিল ৫২,০৯৮টা ভোট ৷ ৯টা বিধানসভা সমষ্টিত বিজেপিৰ মুঠ প্ৰাপ্ত ভোটৰ সংখ্যা হ'ল-৪,৯৬,৫০৬টা, বিজেপিৰ মিত্ৰ দল অগপই প্ৰতিদ্বন্দ্বিতা কৰা লাহৰিঘাট, যমুনামুখ আৰু বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰাপ্ত ভোটৰ সংখ্যা হ'ল ৯৬,১৯২টা৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ৯টা বিধানসভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোটৰ ভোটৰ সংখ্যা হয়গৈ ৫,৯২,৬৯৮টা৷ আৰু যদি যমুনামুখ সমষ্টিত তেতিয়া নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা আৰু বৰ্তমানে অগপত যোগদান কৰা ৰেজাউল কৰিম চৌধুৰীয়ে লাভ কৰা ৫২,১৯৫টা ভোট যোগ হ'লে মিত্ৰজোটৰ ভোটৰ সংখ্যা হয় ৬,৪৪,৮৯৩টা৷

তাৰ বিপৰীতে ২০১৬ৰ বিধানসভা নিৰ্বাচনত ৯টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই কংগ্ৰেছে দলে লাভ কৰা ভোটৰ সংখ্যা আছিল ৪,৩৩,৭৫৫টা ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত এআইইউডিএফ দলে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৮ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি মুঠ ২,৭৩,২৮৮টা ভোট লাভ কৰিছিল৷ বিধানসভা নিৰ্বাচনৰ ভোটৰ সমীকৰণলৈ চালে নগাঁও লোকসভা সমষ্টিত বিজেপি দল পুনৰ অনায়াসে জয়ী হ'ব পাৰিব৷

লক্ষ্যণীয় কথাটো হ'ল যে, নগাঁও লোকসভা সমষ্টিত এআইইউডিএফে প্ৰাৰ্থী দিয়া নাই৷ এনে অৱস্থাত দলটোৱে কোন দলৰ প্ৰাৰ্থীক সহায় কৰে সেই কথাটো ৰাজনৈতিক দৃষ্টিত যথেষ্ট তাৎপৰ্যপূৰ্ণ হ'ব৷ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা নোহোৱাত এতিয়া একাংশ বিক্ষুব্ধ এআইইউডিএফ সমৰ্থকে বিজেপি দলৰ প্ৰাৰ্থীক সহায় কৰাৰ কথা সামাজিক মাধ্যমবোৰত মুকলিকৈ প্ৰকাশ কৰিছে৷ যদি এআইইউডিএফে গোপন বুজাবুজিৰ ভিত্তিত বা প্ৰকাশ্যে বিজেপি দলৰ প্ৰাৰ্থীক সহায় কৰে তেন্তে নগাঁৱৰ পৰা প্ৰদ্যুৎ বৰদলৈৰ দিল্লী যাত্ৰা সহজ নহ'ব৷

আৰু যদি ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত এআইইউডিএফৰ প্ৰাৰ্থীয়ে লাভ কৰা ভোট আৰু কংগ্ৰেছে লাভ কৰা ভোট একত্ৰিত হয় তেন্তে দুয়োটা দলৰ ভোটৰ সংখ্যা হয়গৈ ৭,০৭,০৪৩টা৷ এআইইউডিএফৰ ভোটখিনি যদি কংগ্ৰেছৰ ফালে ঢাল খায় তেন্তে সমষ্টিটোত প্ৰদ্যুৎ বৰদলৈৰ বিজয় নিশ্চিত৷ অৱশ্যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধ কৰি অহা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্থিতিও হ'ব লক্ষণীয়৷

অগপ-বিজেপিৰ মিত্ৰতাৰ তীব্ৰ বিৰোধিতা কৰি অহা মহন্তই অহা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাক সহায় নকৰাৰ কথা মুকলিকৈ প্ৰকাশ কৰি আহিছে৷ যদি মহন্তৰ সমৰ্থন নাপায় তেন্তে অহা নিৰ্বাচনত ৰূপক শৰ্মা বিপদত পৰিব৷ নগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰিণ বৰুৱাইয়ো বিজেপিৰ সৈতে অগপৰ মিত্ৰতাৰ বিৰোধিতা কৰি আহিছে৷

জাতীয়তাবাদী শিবিৰৰ এই দুই নেতাই কোন দলৰ প্ৰাৰ্থীক সমৰ্থন কৰে সেই কথায়ো কংগ্ৰেছ-বিজেপিৰ প্ৰাৰ্থীৰ জয়-পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।