লামডিং ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

 03/31/2019 - 18:10

ডিজিটেল ডেস্ক: লামডিং ৰে'ল ষ্টেচনত আজি বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰা হয়। ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত জব্দ কৰা হয় সুৰাখিনি।

নামনিমুৱা বিবেক এক্সপ্ৰেছৰ শাক-পাচলি মজুত ৰখা বস্তাৰপৰা সুৰাখিনি জব্দ কৰা হৈছে। ডিমাপুৰৰ পৰা বিহাৰলৈ সৰবৰাহৰ সময়তে জব্দ হৈছে সুৰাখিনি।

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।