যকৃতৰ ৰোগত আক্ৰান্ত নগাঁৱৰ এটি কণমানিঃ সহায়ৰ আহ্বান পৰিয়ালৰ

 08/14/2019 - 13:42

ৰূপহীহাটঃ এটি মৰম লগা কণমানি। নাম আতিফ ইছলাম। বয়স মাত্ৰ এবছৰ। পৃথিৱীখনক, নিজৰ জন্ম দিয়া পিতৃ-মাতৃ, আত্মীয় স্বজন তথা সমগ্ৰ পৰিবেশটো বুজি উঠাৰ প্ৰাৰম্ভিক পৰ্যায়তেই সি থমকি ৰ’ব লগা হ’ল শিশুটি। শিশুটিৰ কলৰৱত মুখৰিত হৈ আছিল ঘৰখন। বুজা নুবুজা শব্দৰে সিয়ো প্ৰকাশ কৰিছিল অন্তৰৰ ভাষা। কিমান যে আনন্দ। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি লীলা। এই এটা বছৰতে কণমানিটো আক্ৰান্ত হ’ল যকৃতৰ ৰোগত। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া মাক হাবিজা খাতুন আৰু দেউতা ৰছিদুল ইছলামৰ মূৰত সৰগ ভাগি পৰিল। কি কৰিব ডাক্তৰৰ স্পষ্ট নিৰ্দেশনা, চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিব লাগিব। কিন্তু এই কণমানি শিশুটি এতিয়া অসহায়।

এতিয়া লৈ ফুৰিব লগীয়া হৈছে চিকিৎসকৰ দুৱাৰে দুৱাৰে। নগাঁও জিলাৰ শিঙিমাৰীৰ এই পৰিয়ালটোলৈ কঢ়িয়াই আনিছে ঘোৰ অমানিশা। শুশ্ৰূষাৰ নামত ঘৰৰ সকলো সম্পত্তি ইতিমধ্যে বিক্ৰী কৰি শেষ কৰিছে। আনকি মাকৰ নিজৰ গহণা বিক্ৰী কৰিও একমাত্ৰ ল’ৰাটোৰ শুশ্ৰূষাত লগাইছে যদিও একো সু-ফল লাভ কৰা নাই৷ নিজৰ সকলো শেষ কৰি দুৰ্ভগীয়া পৰিয়ালটিয়ে অৱশেষত চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে৷

স্বাস্থ্য মন্ত্ৰীয়ে যদিহে তেওঁলোকৰ ল’ৰাটোৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাই তেন্তে তেওঁলোকৰ সি নিশ্চয় সুস্থ হৈ উঠিব৷ কোনো সদাশয় লোকে যদি কণমানিটোৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াই তেন্তে তেওঁলোকৰ পৰিয়ালৰ মোবাইল নম্বৰ ৭০০২৮১২৯০৭, ৮০১১৯২৭৯৬০ ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে অথবা পৰিয়ালৰ একাউণ্ট নম্বৰ ১৪৭৯০০০১০০০৪৯২৬৯, আই এফ চি নম্বৰ PUNB0147900।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।