লখিমপুৰৰ নাওবৈচা আৰক্ষী চকীত এগৰাকী মহিলাৰ বিৰুদ্ধে ৰুদ্ৰমূৰ্তি শ-শ পুৰুষ-মহিলাৰ

 08/14/2019 - 14:02

লখিমপুৰঃ হাতত কেইখনমান চিডি লৈ এদল লোকৰ প্ৰতিবাদ৷ এই প্ৰতিবাদৰ কাৰণ এগৰাকী ৰহস্যজনক মহিলা৷ প্ৰতিবাদী লোকসকলে হাতত লৈ থকা চিডিকেইখনত হেনো আছে মহিলাগৰাকীৰ বহু কলংকিত অধ্যায়৷ প্ৰকৃততে এগৰাকী মহিলাৰ বিৰুদ্ধে সাব্যস্ত হৈছে এই প্ৰতিবাদ লখিমপুৰৰ নাওবৈচা আৰক্ষী চকীত৷ নাওবৈচাৰ মহঘূলিৰ হাছিনা বেগম নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে ওলাই আহিছে শ-শ লোক৷

মহিলাগৰাকীৰ বিৰুদ্ধে নাৰী সৰবৰাহ, দেহ ব্যৱসায় আৰু ব্লেক মেইলিঙৰ অভিযোগ প্ৰতিবাদী লোকসকলৰ৷ হাছিনা বেগম নামৰ মহিলাগৰাকীয়ে বিভিন্ন অসামাজিক কাৰ্যকলাপেৰে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে অঞ্চলটোৰ বহু যুৱকক বলাৎকাৰৰ ভুৱা গোচৰ দি ব্লেকমেইলিং কৰি অহাৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰীসকলে৷ কেৱল ইমানেই নহয়, বহু সাধাৰন লোকক ধন দাবী কৰি দাবী কৰা ধন নাপালেই ভুৱা গোচৰ ৰুজু কৰি হাৰাশাস্তি কৰি আহিছে মহিলাগৰাকীয়ে৷

বহু কেইগৰাকী পুৰুষৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা এই গৰাকী হাছিনা বেগমক গ্ৰেপ্তাৰৰ দাবীত নাওবৈচা আৰক্ষী চকীত শতাধিক লোকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী৷ মহিলাগৰাকীৰ বিৰুদ্ধে লখিমপুৰৰ বহু কেইখন আৰক্ষী থানাত গোচৰ ৰুজু হৈ থকাৰ পিছতো আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ নকৰাত ক্ষোভ প্ৰকাশ কৰি অনতিপলমে নাৰী সৰবৰাহকাৰী, দেহ ব্যৱসায়ী মহিলাগৰাকীক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আমছু, আমছা, জমিয়তকে ধৰি বহু দল-সংগঠন আৰু স্থানীয় লোকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।