বৰডুমচাৰ ৰিতু কঁঠালগুৰিত বন্য হস্তীৰ তাণ্ডৱ

 08/14/2019 - 14:11

ডিগবৈঃ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৈকে ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে নিদ্ৰা হৰণ কৰিছে বৰডুমচাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰিতু কঁঠালগুৰি অঞ্চলত। বনৰীয়া হাতীৰ সন্ত্ৰাসত গাঁৱৰ ৰাইজে এতিয়া আতংকত দিন কটাইছে। ইয়াৰ পাছতো কিন্তু নিৰ্বিকাৰ ভূমিকা বনবিভাগৰ। আজি পুৱতি নিশাও ৰিতু কঁঠালগুৰি অঞ্চলৰ ৰমেন ফুকন নামৰ লোকজনৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে হাতীৰ জাকে।

নিশা শুই থকা অৱস্থাত হঠাৎ হাতীৰ জাকটোৱে বাসগৃহটোত আক্ৰমণ চলোৱাৰ ফলত বিছনাৰ তলত লুকাই কথমপি প্ৰাণ ৰক্ষা কৰে ৰমেন ফুকনৰ পত্নী আৰু তিনিটাকৈ শিশুৰ লগতে পৰিয়ালৰৰ লোকে। বন্যহস্তীৰ আক্ৰমণত বাসগৃহটোৰ বহু ক্ষয়-ক্ষতি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।