আমিনগাঁওঃ উত্তৰ গুৱাহাটী সমীপবৰ্তী কুৰুৱালৈ এতিয়াও সোঁত বৈ আছে সন্দেহযুক্ত বাংলাদেশীৰ। স্বাধীনতা দিবসৰ প্ৰাকক্ষণত উত্তৰ গুৱাহাটীত আটক এজন সন্দেহযুক্ত বাংলাদেশী। আজি পুৱাই উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপত সন্দেহজনকভাবে চাল চলন কৰা এজন লোকক যুৱবাহিনীৰ কৰ্মকৰ্তাই আটক কৰে। নিজকে হাইদৰ আলি বুলি পৰিচয় দিয়া লোকজনৰ লগত নাছিল কোনো পৰিচয় পত্ৰ। হাইদৰ আলিৰ বিষ্ফোৰক ভাষ্য গুৱাহাটী পানবজাৰত পৰিচয় পত্ৰ অবিহনে পাৰ কৰিছে সুদীৰ্ঘ চল্লিশ বছৰ। গুৱাহাটীৰ পৰা কুৰুৱা চাপৰি অভিমুখী হওঁতেই যুববাহিনীয়ে আটক কৰি বাইহাটা আৰক্ষীক গতাই দিয়ে লোকজনক।
শিলচৰ সদৰ থানাৰ লগতে ঘৰ বুলি কোৱা হাইদৰে কিয় কটালে গুৱাহাটীত। এআইইউডিএফ প্ৰধান বদৰউদ্দিন আজমলৰ সৈতে হৈছিল হেনো কাজিয়া। সেয়ে শিলচৰত ঘৰ পৰিয়াল থাকিও যাব নোৱাৰে তেওঁ। কিন্তু কুৰুৱাবাসীৰ অভিযোগ প্ৰশাসনৰ উচ্ছেদৰ পাছতো কুৰুৱা চাপৰিত সোঁত বৈ আছে সন্দেহযুক্ত লোকৰ। কিন্তু দৰং প্ৰশাসন সম্পূৰ্ণ নিৰব। স্বাধীনতা দিবসৰ এদিন পূৰ্বে সন্দেহযুক্ত লোকৰ চালচলনক সহজভাবে লোৱা নাই স্থানীয় লোকে। আৰক্ষীৰ তদন্তত হে সকলো স্পষ্ট হ'ব।