কংগ্ৰেছ এতিয়া বিধ্বস্ত দল: কুইন ওজা

 03/31/2019 - 18:37

গুৱাহাটী: গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টিত আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কুইন ওজাই নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ এক দলীয় সভাত অংশগ্ৰহণ কৰে প্ৰাৰ্থীগৰাকীয়ে। নিৰ্বাচনী সভাখনত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাও উপস্থিত থাকে।

আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰপৰা বিজেপি দলৰ জয় নিশ্চিত বুলি উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে। কংগ্ৰেছ দলটো এটা বিধ্বস্ত দল বুলি কটাক্ষ কৰি প্ৰাৰ্থীগৰাকীয়ে কয় যে, কেইদিনমান পিছত কংগ্ৰেছ দলে অসমৰ পৰা চিৰ বিদায় ল'ব।

তেওঁৰ প্ৰতিদ্বন্দ্বি তথা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ববিতা শৰ্মাই এটা বিধ্বস্ত দলৰহৈ প্ৰতিনিধিত্ব কৰিছে বুলিও মন্তব্য আগবঢ়াই বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।