স্বামীৰ মৃত্যুৰ ২১বছৰৰ পিছতো নাপালে শিল্পী পেঞ্চনৰ ধন

 08/14/2019 - 16:20

নলবাৰীঃ নলবাৰী জিলাৰ টিহুৰ সমীপৰ নিজ-নমাটি গাঁৱৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা শিল্পী পেঞ্চন প্ৰাপক  আজন্ম শিল্পীৰ দুৰ্ভগীয়া পত্নীয়ে যোৱা ২১ বছৰে প্ৰাপ্য শিল্পী পেঞ্চনৰ ধনৰ পৰা বঞ্চিত হ’ব লগা হৈছে।

বছৰৰ পিছত বছৰ ধৰি স্বামীৰ পেঞ্চনৰ ধন কেইটাৰ বাবে ৰৈ ৰৈ ভাগৰিছে পৰিছে একালৰ স্বাধীনতা সংগ্ৰামী নেতা, বিশিষ্ট শিল্পী, সংগীত পৰিচালক তথা এসময়ৰ যাত্ৰা পাৰ্টী  দলৰ বলিষ্ঠ অভিনেতা প্ৰয়াত পৰীক্ষিত বৰ্মনৰ পত্নী পদুমী পাঠকে। উল্লেখ্য যে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ শিতানত সংগীত কলা চৰ্চা সাধনাত ব্ৰতি থাকি সাংস্কৃতিৰ ক্ষেত্ৰ খনলৈ বৰঙনি আগবঢ়োৱাৰ স্বীকৃতি হিচাপে ১৯৮৬ চনত স্বনামধন্য শিল্পীজনে শিল্পী পেঞ্চন লাভ কৰিছিল যদিও ১৯৯৫ চনৰ পৰা আজিলৈকে অনাদায়ে হৈ থাকিল শিল্পী গৰাকীৰ পেঞ্চন।

১৯৯৮ চনত শিল্পী গৰাকীৰ মূত্যু হয় যদিও মৃত্যুৰ আগৰ পৰাই পেঞ্চনখিনি অনাদায়ৰ হৈ থাকিল। আনফালে শিল্পীলৈ পেঞ্চন আৰু শিল্পীৰ পৰিয়াললৈ বিশেষ পেঞ্চনৰ নিয়মৰ আধাৰত শিল্পীৰ অনাদায় পেঞ্চন আৰু শিল্পীৰ অবিহনে অভাৱগ্ৰস্ত পৰিয়াললৈ মাহিলী বিশেষ পেঞ্চনৰ ব্যৱস্থা থকা শিল্পী পৰীক্ষিত পাঠকৰ পত্নীয়ে আজিলৈকে লাভ নকৰিলে পেঞ্চন। চৰকাৰৰ অমনোযোগিতা আৰু অৱহেলাৰ বাবে শিল্পী গৰাকীৰ পত্নী পদুমী পাঠকে ২২বছৰে লাভ নকৰিলে পেঞ্চনৰ ধন। বৰ্তমান শিল্পী পৰীক্ষিত পাঠকৰ পত্নী এতিয়া শয্যাগত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।