ডিজিটেল ডেস্কঃ বিটিচি পৰিষদৰ আগন্তুক নির্বাচনত আমি সকলাে ষড়যন্ত্র নেওচি বিটিচি দখল কৰিম। মঙলবাৰে থমনাত অনুষ্ঠিত অবড়াে সুৰক্ষা সমিতিৰ এখন জনসভাত অংশগ্রহণ কৰি কোকৰাঝাৰ লােকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এইদৰে কয়। বিটিচি নির্বাচনত এবছু আৰু বিপিএফে বুজাবুজিৰে নির্বাচন খেলাৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয় যে বিটিচি দখল কৰাটো এক বৃহৎ প্রত্যাহ্বান। বিটিচিত কোনে নির্বাচন খেলিব সেয়া ডাঙৰ কথা নহয়। আমি ভাল ৰণনীতি তৈয়াৰ কৰিম আৰু নিৰ্বাচনত জয়ী হ'ম। ইতিমধ্যে বিটিচিৰ ৰাইজে এবছু আৰু বিপিএফৰ নাটক বুজি পাইছে।
তেওঁলােকৰ কোনাে আদর্শ নাই। মাত্র ৰাইজৰ মাজত নাটক কৰি আহিছে। সেয়েহে আগত বিটিচি নির্বাচনত অকল অবড়াে ৰাইজে নহয়, বড়াে ৰাইজেও অবড়ো প্রার্থীক ভােটদান কৰি বিটিচি দখলত সহায় কৰিব। তেওঁ কয় যে বর্তমান সময়ত বিপিএফৰ নেতা-পালিনেতাসকলৰ নির্বাচনক লৈ টোপনি নোহােৱা হৈছে। তেওঁলােকে জানে যে এইবাৰ নিৰ্বাচনত তেওঁলােকে বিটিচি দখল কৰিব নােৱাৰে। কাৰণ এইবাৰ বিটিচিত আমি ২৯ খন আসন দখল কৰিবলৈ সক্ষম হ'ম। সেয়ে বিটিচিৰ বড়াে ৰাইজেও আমাৰ সপক্ষে ভােটদান কৰিব।
আনহাতে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিটিচিক কেন্দ্রীয় শাসিত অঞ্চল হিচাপে ঘােষণা কৰিবলৈ কেন্দ্রীয় চৰকাৰক দাবী জনােৱা সংক্রান্তত শৰণীয়াই কয় যে বিশ্বজিৎ দৈমাৰী এজন ভাল অভিনেতা। তেওঁ অভিনয় কৰি বড়াে ৰাইজক আভুৱা ভাৰিছে। বিপিএফ দলে বিটিচিক কেন্দ্রীয়শাসিত অঞ্চল নহয়, ২০১০ চনতে সুকীয়া বড়াে ৰাজ্য গঠনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। কিন্তু তেওঁলােকৰ এই প্রচেষ্টা নৱ কুমাৰ শৰণীয়া বাচি থকালৈকে সফল হ'বলৈ দিয়া নহ’ব। তেওঁ বিটিচি চুক্তি পুনৰীক্ষণ সন্দৰ্ভত গৃহ মন্ত্রীক ইতিমধ্যে স্মাৰকপত্র প্রদান কৰা বুলিও জানিবলৈ দিয়ে।