08/14/2019 - 16:34
in
বিজনীঃ বঙাইগাঁৱৰ ১ নং জাৰাগুৰীত বন্যাৰ্তৰ প্ৰতিবাদ। মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক আব্দুল হাই নাগৰীৰ পুত্তলিকা দাহ কৰে। ১ নং জাৰাগুৰীৰ বানপীড়িত অঞ্চল পৰিভ্ৰমণ কৰাৰ কথা আছিল মন্ত্ৰী কেশৱ মহন্তৰ। পুৱাৰে পৰা ৰভা সাজি মন্ত্ৰী মহন্তক আদৰাৰ বাবে ৰৈ আছিল বন্যাৰ্ত। ১ নং জাৰাগুৰীৰ বানপীড়িত অঞ্চল পৰিভ্ৰমণ নকৰি আদবাটৰ পৰাই মন্ত্ৰী উভতি যোৱাত ক্ষোভিত হৈ বন্যাৰ্তসকলে প্ৰতিবাদ সাব্যস্ত কৰে।