08/14/2019 - 17:14
in
ডুমডুমাঃ ডুমডুমাৰ বিধায়ক দূর্গা ভূমিজে বিধায়ক এলেকা উন্নয়ন পূঁজিৰে ৰূপায়ণ হ’বলগীয়া ২০১৮-২০১৯ বিত্তীয় বর্ষৰ বিভিন্ন আচঁনিৰ বাবে আজি চেক সমূহ বিতৰণ কৰে।
কাকপথাৰ উন্নয়ন খণ্ড আৰু হাপজান উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ ৫১ টা নিৰ্মাণ সমিতিক আঁচনিৰ ৫০শতাংশ পূঁজিৰ চেক প্ৰদান কৰে।
ডুমডুমা প্ৰেছ ক্লাবত অনুষ্ঠিত চেক বিতৰণ অনুষ্ঠানত বিধায়ক দূৰ্গা ভূমিজ, কাকপথাৰ আৰু হাপজান উন্নয়ন খণ্ডৰ বিষয়া সকলৰ লগতে নিৰ্মাণ সমিতিৰ প্রায় ১০০ গৰাকী বিষয়ববীয়া উপস্থিত থাকে।