টিহু মহাবিদ্যালয়ত আছুৰ বুক বেংক স্থাপন

 08/14/2019 - 17:25

টিহুঃ "শিক্ষাৰ্থীসকলে সমাজৰ প্ৰতি দায়বদ্ধ হৈ আনৰ হ'কে কাম কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব।" এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ অধ্যাপক ডঃ শিখৰ কুমাৰ শৰ্মাৰ। শনিবাৰে টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু টিহু মহাবিদ্যালয়ৰ আছু গোটৰ সহযোগত টিহু মহাবিদ্যালয়ত স্থাপন কৰা বুক বেংকৰ শুভাৰম্ভ কৰি অধ্যাপক ডঃ শৰ্মাই আৰু কয় যে শিক্ষাৰ্থীসকলে আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে আৰু অনানুষ্ঠানিকভাবে ভিন ভিন তথ্য আহৰণ কৰি জ্ঞান সম্বৃদ্ধ কৰিব লাগিব। আৰু সমাজত জ্ঞানৰ প্ৰসাৰ ঘটাব লাগিব। ভাষন প্ৰসংগত তেওঁ শিক্ষাৰ্থী সমাজক ৰক্ষণশীলতাৰ পৰা আঁতৰি নিজৰ কৃষ্টি-সংস্কৃতি অটুত ৰাখি অইনৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি দৃষ্টি দিবলৈ আহ্বান জনায়।

টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰে শিক্ষাৰ্থীসকলক সমাজত সৎ ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হোৱাত গুৰুত্ব আৰোপ কৰে। খাটনিয়াৰে সম্প্ৰতি ৰাজ্যখনত বৃদ্ধাশ্ৰম স্থাপনৰ প্ৰতিযোগিতা আৰম্ভ হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰি শিক্ষাৰ্থীসকলক পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলক শ্ৰদ্ধা ভক্তি কৰিবলৈ আহ্বান জনায়।

টিহু মহাবিদ্যালয় আছু গোটৰ সম্পাদক চিন্ময় দাসে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে ভাষন আগবঢ়াই। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন, কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকা আদিয়েও ভাষন আগবঢ়ায়। অনুষ্ঠানত টিহু মহাবিদ্যালয়ৰ তিনি শতাধিক শিক্ষাৰ্থীক বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।