ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰ আৰু লাডাখত উলহ-মালহেৰে উদযাপন কৰা হ’ব ৭৩ সংখ্যক স্বাধীনতা দিৱস। উপস্থিত থাকিব বিজেপিৰ বহুকেইজন বিশিষ্ট নেতা। বিগত বৰ্ষৰ তুলনাত এইবাৰ অতি উৎসাহেৰে স্বাধীনতা দিৱস পালন কৰিবলৈ সাজু হৈছে জম্মু-কাশ্মীৰ আৰু লাডাখ। উল্লেখ্য যে অনুচ্ছেদ ৩৭০ বিলুপ্ত কৰাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে উদযাপন কৰা হ’ব স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱস উদযাপনৰ দ্বাৰা সন্ত্ৰাসবাদীলৈ উচিত বাৰ্তা প্ৰদান কৰা হ’ব বুলি বিজেপিৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ অবিনাশ ৰায় খান্নাই প্ৰকাশ কৰে।
উল্লেখনীয় যে স্বাধীনতা দিৱস উপলক্ষে বিজেপিৰ বহুকেইজন বলিষ্ঠ নেতা উপস্থিত থাকি পালন কৰিব স্বাধীনতা দিৱস। অবিনাশ খান্নাই জম্মু-কাশ্মীৰৰ কঠুৱাত জাতীয় পতাকা উত্তোলন কৰিব। আনহাতে বিজেপি দলৰ মহাসচিব ৰাম মাধৱো উপস্থিত থাকিব। ইয়াৰ উপৰিও জম্মু-কাশ্মীৰ আৰু লাডাখত প্ৰত্যেকখন গাঁৱত ৰাইজে পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস পালন কৰাৰ প্ৰস্তুতি চলাইছে।