অতি শীঘ্ৰে উৰিয়ামঘাট সৰুপথাৰ সংযোগী পথচোৱা পুনৰ নিৰ্মাণৰ দাবী

 08/14/2019 - 18:42

সৰুপথাৰঃ যিটো সময়ত ৰাজ্যৰ চৌদিশে ব্যাপক উন্নয়ন আৰু পৰিৱৰ্তন হোৱা বুলি ৰাজ্যচৰকাৰখনে ঢাক ঢোল বজাই আছে, সেইসময়ত বাট পথৰ দুৰৱস্থাই বাৰুকৈয়ে জীয়াতু ভোগাইছে সৰুপথাৰবাসীক৷ ইয়াৰ ভিতৰত সৰুপথাৰ গ্ৰাম্যপথ সংমণ্ডলৰ অন্তৰ্গত সৰুপথাৰ উৰিয়ামঘাট সংযোগী পথটিৰ অৱস্থা অতি শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে৷ পথটোৰ দুৰৱস্থাৰ বাবে যানবাহনৰ চলাচলত বিপদৰ সন্মূখীন হৈছে৷ পথটোৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ৷ আৰু এই পথৰ মাজৰ গাতত এককাল পৰ্যন্ত পানী। তদুপৰি এই গাঁতত সোমাই আবদ্ধ হৈ পৰে যান বাহন।

দুৰ্ঘটনাত পতিত হয় স্কুটি তথা মটৰচাইকেল আৰোহী। উল্লেখ্য যে উক্ত পথটোৱে হৈছে বৃহত্তৰ অসম নগালেণ্ড সীমান্তৱৰ্তী ৰাইজৰ বাবে মহকুমা সদৰ সৰুপথাৰ অথবা জিলা সদৰ গোলাঘাটৰ লগতে অন্যান্য প্ৰান্তৰ লগত সংযোগ স্থাপন কৰা মূল পথ৷ এই পথেৰেই চলালচ কৰে দৈনিক শ শ শিল কঢ়িওৱা ডাম্পাৰ আৰু অ এন জি চিৰ বৃহৎ বৃহৎ যান বাহন৷ অধিক বোজা সম্পন্ন অ এন জি চিৰ সামগ্ৰী কঢ়িওৱা গাড়ী আৰু শিলৰ ডাম্পাৰ চলা চলৰ ফলত পথটো অতি শোচনীয় ৰূপ ধাৰণ কৰিছে৷ পথচোৱাৰ দুৰৱস্থাৰ বাবে দৈনিক দুৰ্ঘটনা সংঘটিত হ’ব ধৰিছে৷ এই পথেৰেই দৈনিক যাতায়ত কৰিব লাগে সীমান্তৱৰ্তী এলেকাৰ ৰাইজৰ লগতে টেঙাহোলা, ইকৰানী, ৰেংমাই, ৰজাপুখুৰী, নগাআলি আদি অঞ্চলৰ ৰাইজে৷ উল্লেখ্য যে মাত্ৰ তিনি বছৰৰ পূৰ্ৱে প্ৰায় ১৫ কিলোমিটাৰ দৈঘ্যৰ এই পথটো নিৰ্মান কৰা হৈছিল যদিও পথ নিৰ্মানৰ কাম অতি নিম্ন মানদণ্ডৰ হোৱাৰ বাবে অতি কম দিনৰ ভিতৰতে পথটো এনে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিলে৷

এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে গড়কাপ্তানী বিভাগক পথচোৱা পুনৰ নিৰ্মান কৰিবৰ বাবে বহু আবেদন নিবেদন কৰিও সুফল লাভ নকৰাৰ অভিযোগ উঠিছে৷ সেয়েহে আজি তাই আহোম ছাত্র সন্থা উদ্যোগত, সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত ২ ঘণ্টাৰ বাবে পথচোৱা অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অতি সোনকালে উৰিয়ামঘাট সৰুপথাৰ সংযোগী পথচোৱা পুনৰ নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰে। নহলে অনাগত দিনত জংগী আন্দেলৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।