গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাৱত আজি বিশিষ্ট শিক্ষাবিদ, প্ৰতিবিম্ব লাইভৰ মুখ্য সম্পাদক ড০ ভৱেশ দাসৰ গ্ৰন্থ 'চিকিৎসাৰ বাবে দিহিঙে-দিপাঙে' আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ বিশিষ্ঠ চিকিৎসক তথা সাংস্কৃতিক কৰ্মী ডাঃ হিতেশ বৰুৱাই গ্ৰন্হখন উন্মোচন কৰি মন্তব্য কৰে যে, এই গ্ৰন্হখন উন্মোচন কৰিবলৈ পাই মই অত্যন্ত সুখী।
এই গ্ৰন্হখনে চিকিৎসাৰ ক্ষেত্রত মানুহক যথেষ্ঠ সহায় কৰিব। চিকিৎসাৰ ক্ষেত্ৰত আন্তঃৰাষ্টীয় পৰ্য্যায়ত যোগাযোগ উন্নত হোৱাৰ প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে৷ প্ৰতিবিম্ব পাব্লিকেচনে প্ৰকাশ কৰি উলিওৱা মেডিকেল ট্যুৰিজিম অথবা চিকিৎসা পৰ্য্যটন সৰ্ম্পকীয় গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে ভাৰতৰ কেইখনমান বিখ্যাত চিকিৎসালয়ৰ তথ্যসমৃদ্ধ বৰ্ণনা৷
গ্ৰন্থখনত স্থান পাইছে লেখক ড০ দাসৰ অভিজ্ঞতা, আৰ্তৰোগীৰ বহুকেইটা কাহিনী, মানৱ অংগ সংৰোপন, কৰ্কট ৰোগীৰ নিজস্ব অভিজ্ঞতা৷ অসমীয়া ভাষাত প্ৰথমবাৰৰ বাবে লিখিত মেডিকেল ট্যুৰিজিম সৰ্ম্পকীয় গ্ৰন্থখনত চিকিৎসা বীমা সন্দৰ্ভত বিভিন্ন ৰোগী অথবা পৰিয়ালে তথ্য লাভ কৰিব পৰাকৈ সাৱলীলভাৱে বৰ্ণনা কৰা হৈছে৷
এই গ্ৰন্থখনিৰদ্বাৰা উপকৃত হ’ব অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসী৷ বিভিন্ন চিকিৎসাৰ বাবে হাবাথুৰি খোৱা লোকসকলৰ বাবে গ্ৰন্থখন হ’ব উৎকৃষ্ট গাইড৷
'চিকিৎসাৰ বাবে দিহিঙে দিপাঙে' গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে কোচ সাহিত্য সভাৰ সভাপতি নিৰ্মল কোচ, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভাৰ সভাপতি দিলচ লক্ষ্মীন্দৰ সিংহ, নবীনৰ প্ৰাক্তন সভাপতি ড০ গণেশ পেগু, নৱ কুমাৰ মিশ্ৰ, আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহা, উইলিয়মনগৰ চৰকাৰী কলেজৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০পৰিতোষ চক্ৰৱৰ্তী, অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ অভিযন্তা সোণাৰাম সাউদ, দৈনিক বাতৰি কাকতি সম্পাদক অনিল বৰ্মন, প্ৰতিবিম্ব লাইভৰ সম্পাদক তফিক উদ্দিন আহমেদকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি।
আজিৰ অনুষ্ঠানটিৰ আঁত ধৰে কবি প্ৰণৱজ্যোতি নদিয়ালে।