শিৱসাগৰঃ বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি পুনৰ সন্ধানহীন হ’ল অসমীয়া যুৱক। তামিলনাডুত কৰ্মসংস্থাপন বিচাৰি যোৱা শিৱসাগৰৰ যুৱক সন্ধানহীন হ'ল উৰিষ্যাৰ ভদ্ৰা ৰে’ল ষ্টেচনত। শিৱসাগৰ ২ নং চাউল কৰা গাঁৱৰ পুনেশ্বৰ দাস আৰু সৰুছোৱালী দাসৰ দুই পুত্ৰ লক্ষ্মীনাথ দাস আৰু আকাশ দাসে কৰ্মসংস্থাপনৰ সপোন ৰচি ৰে’লেৰে যাত্ৰা কৰিছিল তামিলনাডুলৈ। হঠাৎ ঘটি গ'ল অঘটন। ২২ জুলাইৰ দিনা উৰিষ্যাৰ ভদ্ৰা ষ্টেচনত কিবা কাৰণত ৰে’লৰ পৰা নমাৰ পিছৰ পৰাই নিৰুদ্দেশ হ'ল আকাশ দাস। জ্যেষ্ঠ ভাতৃ লক্ষ্মীনাথ দাসে গোটেই ষ্টেচন চলাথ কৰিও নাপালে আকাশৰ সন্ধান।
লক্ষীনাথে ভাতৃ আকাশ সন্ধানহীন হোৱাৰ কথা পৰিয়ালক জনোৱাৰ পিছতে উদ্বিগ্ন হৈ পৰা পৰিয়ালৰ কেইবাজনো লোক উৰিষ্যাৰ ভদ্ৰা ষ্টেচনত উপস্থিত হৈ স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে আকাশৰ সন্ধান কৰে যদিও বিফল হৈ ঘূৰি আহি শিৱসাগৰ সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে ৰে’লত গৈ থকা অৱস্থাত আকাশৰ মোবাইল ফোনৰ বেটাৰীত চাৰ্জ নথকাৰ বাবে মোবাইলটো বন্ধ আছিল যাৰ বাবে সেই সময়ত আকাশৰ সৈতে যোগাযোগ সম্ভৱ হোৱা নাছিল। কিন্তু আজি ২৪ দিনে আকাশৰ মোবাইলটো বন্ধ হৈ থকাৰ লগতে আকাশ কোনো শুংসূত্ৰ লাভ নকৰাত পৰিয়ালটোৱে আশংকাত ভুগিছে। শেহতীয়াকৈ পৰিয়ালটোৰ আশা ভৰসাৰ থল হৈ পৰা শিৱসাগৰ আৰক্ষীয়েও আকাশৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নোহোৱাত উদ্বিগ্নতা বৃদ্ধি পাইছে পৰিয়ালটোৰ। যদি কোনো লোকে আকাশ দাসৰ সন্ধান লাভ কৰে নিকটৱৰ্তী আৰক্ষী চকী অথবা ৬০০১০ ৮৫৩৭৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।