কাকপথাৰঃ ডুমডুমা বিধান সভা সমষ্টিৰ ডুমডুমা নগৰত ভাৰতীয় জনতা পাৰ্টি তিনচুকীয়া জিলা সমিতিৰ উদ্যোগত তথা ডুমডুমা, কাকপথাৰ, হাপজান ব্লক মণ্ডল সমিতিৰ সহযোগত বিজেপিৰ সদস্যভৰ্ত্তি অভিযান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়৷
উক্ত কাৰ্যসূচীটো তদাৰক কৰে লক্ষীমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই লগতে উপস্থিত থাকে জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মৰাণ, জিলা পৰিষদৰ সভাপতি ললিত মৰাণকে ধৰি দলটোৰ কেইবাগৰাকীও প্ৰবীন নবীন নেতা কৰ্মী।
সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে যে আজিৰ এই সদস্য ভৰ্ত্তি অভিযানৰ কাৰ্যসূচীত পঁচিশ হাজাৰ নতুনকৈ সদস্য ভৰ্ত্তি কৰাৰ লক্ষ্য কৰিছে।
এই অনুষ্ঠানটোত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আঞ্চলিক পঞ্চায়তৰ এগৰাকী প্ৰাক্তন সভাপতিকে ধৰি কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতা কৰ্মীয়ে বিজেপিৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰিছে বুলি সাংসদ গৰাকীৰ ডুমডুমা সমষ্টিৰ প্ৰতিনিধি মুলেন্দ্ৰ মৰাণে জানিবলৈ দিয়ে।