Error message

  • Deprecated function: Creation of dynamic property MergeQuery::$condition is deprecated in MergeQuery->__construct() (line 1357 of /home/pratibm/web/pratibimbalive.com/public_html/includes/database/query.inc).
  • Deprecated function: Creation of dynamic property DatabaseCondition::$stringVersion is deprecated in DatabaseCondition->compile() (line 1887 of /home/pratibm/web/pratibimbalive.com/public_html/includes/database/query.inc).

আজিও চৰকাৰী সাহায্য নাপালে স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাবে জড়িত শ্বহীদ বিজু বৈষ্ণৱৰ পৰিয়ালে

 08/15/2019 - 14:12

গোলাঘাটঃ আজি দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশত আজি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। বহু শ্বহীদৰ ত্যাগৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰিছিল। ইয়াৰে ভিতৰত গোলাঘাটৰো বহু লোকে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল। ইয়াৰে ভিতৰত আছিল গোলাঘাটৰ এগৰাকী বীৰ শ্বহীদ বিজু বৈষ্ণৱ ওৰফে বেজা বাউৰী। গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচাত ১৯০১ চনত জন্ম গ্ৰহণ কৰা বিজু বৈষ্ণৱ শৈশৱৰ পৰাই ইংৰাজৰ বিৰোধী আছিল। ১৯২১ চনত মহাত্মা গান্ধী নেতৃত্বত চলা অসহযোগ আন্দোলনত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰি অৱশেষত ১৯৩২ চনৰ ১৪ জুনত যোৰহাট কাৰাগাৰত মৃত্যু হয়।

কিন্তু অতি পৰিতাপৰ বিষয় যে যি সকল লোকৰ আত্মবলিদানৰ ফলত দেশ মাতৃয়ে স্বাধীনতা লাভ কৰিলে সেই শ্বহীদৰ পৰিয়ালৰ এতিয়া অৱস্থা দেখিলে আপোনাৰ অন্তৰে কান্দি উঠিব। শ্বহীদ বিজু বৈষ্ণৱৰ বাসগৃহত বৰ্তমান শ্বহীদগৰাকীৰ নাতি চুৰেণ বাউৰী আৰু নাতি বোৱাৰী জ্যোৎস্না বাউৰীৰ লগতে তেওঁলোকৰ সন্তান সন্ততিয়ে বাস কৰে। দুবেলা দুমুঠিৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এই সকল লোকে। দিন হাজিৰা কৰা চুৰেণ বাউৰীৰ পুত্ৰই কোনোপধ্যে পৰিয়ালটোক পোহ পাল দি আহিছে যদিও অসুস্থ পিতৃক চিকিৎসাৰ অভাবত ঘৰতে ৰাখি থবলগা হৈছে।

নাই কোনো চৰকাৰী সাহায্য, নাই কোনো সা-সুবিধা। যাৰ ফলত শ্বহীদ বিজু বৈষ্ণৱৰ এই পৰিয়ালটো এক প্ৰকাৰৰ নাজল নাঠল অৱস্থাৰ সৃষ্টি হৈছে। তদুপৰি শ্বহীদ বিজু বৈষ্ণৱৰ জন্ম গাওঁখনো আজি পৰ্যন্ত বাট-পথ, বিশুদ্ধ খোৱা পানী আদি বিভিন্ন সমস্যাৰে ভৰি পৰিছে যদিও আজিপৰ্যন্ত চৰকাৰে কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰিলে। এই শ্বহীদ পৰিয়ালটোৰ এতিয়া চৰকাৰৰ প্ৰতি এটাই আহ্বান তেওঁলোকৰ গাওঁখনৰ লগতে তেওঁলোককো যাতে কিছু সহায়ৰ হাত আগবঢায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।