ধুবুৰীঃ আজি ৭৩ সংখ্যক স্বাধীনতা দিৱস। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগতো আজি স্বাধীনতা দিৱস উদযাপন কৰা হয়। ধুবুৰী চহৰৰ মাজমজিয়াত থকা ৰাজা প্ৰভাত চন্দ্ৰ খেলপথাৰত পুৱা ৯ বজাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মন্ত্ৰী কেশৱ মহন্তই পতাকা উত্তোলন কৰে। লগত উপস্থিত থাকে ধুবুৰী জিলাৰ উপায়ুক্ত অনন্তো লালঞ্জানী।
তাৰ পাছত মন্ত্ৰীজনে হেজাৰ হেজাৰ ধুবুৰীবাসীৰ মাজত অসমৰ বিভিন্ন ঠাইৰ লগতে অতি পিচপৰা ধুবুৰী জিলাৰ বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত ভাষণ প্ৰদান কৰে। ধুবুৰীৰ বিশিষ্ট সাংবাদিক আশিকুৰ ৰহমান, যতিনময় চক্ৰৱৰ্তীৰ লগতে সন্তোষ ৰায়ক বিগত বানপানীৰ সময়ত ৰাইজক ধুবুৰীৰ মহকুমাৰ সাংবাদিক সন্থাৰ তৰফৰ পৰা যথেষ্ট সহায় কৰাত সাংবাদিক কেইগৰাকীক মন্ত্ৰীজনে বঁটা, চাৰ্টিফিকেট আৰু গছপুলিৰে সম্বৰ্ধনা জনায়। লগতে বিগত দিনত ধুবুৰীৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সুফল লাভ কৰা ছাত্ৰ-ছাত্ৰীক মানপত্ৰৰে সম্বৰ্ধনা জনায় মন্ত্ৰীজনে।