মণিমাধৱৰ হৈ প্ৰচাৰ চলাবলৈ গোলাঘাটলৈ ৰাওনা মুখ্যমন্ত্ৰী

 04/01/2019 - 13:08

গোলাঘাটঃ লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটিমান দিন বাকী। এখন নতুন চৰকাৰ গঠনৰ প্ৰস্তুতিত ব্যস্ত ৰাজনৈতিক নেতা সকলৰ লগতে সাধাৰণ জনতাও। নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰতো কোনো ৰাজনৈতিক দলেই পিছ পৰি থকা নাই।

আজি দুখন নিৰ্বাচনী সভাত অংশ ল’বলৈ গোলাঘাটলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কলিয়াবৰ সমষ্টিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সোণোৱালে। দিনৰ ১ বজাত নুমলীগড়ৰ পোৰাবাংলাত এই নিৰ্বাচনী  সভা অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে ৩ বজাত খুমটাইৰ দৰিয়া বাগিচাতো হ’ব সভা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।