টিহুত স্বাধীনতা দিৱস পালন

 08/15/2019 - 15:09

টিহুঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস ভিন্ন প্ৰান্তৰ লগতে টিহুৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানসমূহতো পালন কৰা হয়। টিহু নগৰস্থিত কালিচৰণ ডেকা কিষান সেৱা কেন্দ্ৰত বিস্তৃত কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰে।

জাতীয় পতাকা উত্তোলন কৰে টিহু মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰবক্তা ডঃ ধনজিতা বৰ্মনে। কালিচৰণ ডেকা কিষান সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী প্ৰবীৰ কুমাৰ ডেকাই আঁত ধৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰীসকলৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়-ববীয়া আৰু ৰাইজ উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।