কাৰ্বি আংলংঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা প্ৰকাশনে উদযাপন কৰে ৭৩ সংখ্যক স্বাধীনতা দিৱস। বোকাজান চি চি আই খেলপথাৰ প্ৰাংগণত উদযাপন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস।
বোকাজানৰ মহকুমাধিপতি সতীশ চন্দ্ৰ ঠাকুৰীয়াই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মহকুমাধিপতিয়ে পতাকা উত্তোলন কৰাৰ পিছতে জনগনক উদ্দে্শ্যি এক গণতান্ত্ৰিক ব্যক্তিতা আগবঢ়াই। বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভণি কৰা অনুষ্ঠানত উপস্থিত থাকে বোকাজানৰ স্থানীয় বিধায়ক নোমল মমিন, কাৰ্য্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনৰ লগতে বোকাজানৰ সামাজিক সচেতন ব্যক্তিসকল।
আনহাতে বোকাজান ১৫৫ নং চি আৰ পি এফ বেটেলিয়ান, অসম আৰক্ষীৰ লগতে প্ৰায় ৫ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে চি চি আই খেল পথাৰত পেৰেড কৰি জাতীয় পতাকাক সন্মান জনায়। স্বাধীনতা দিৱসৰ উপলক্ষে বোকাজান মহকুমা প্ৰশাসনে বোকাজান অঞ্চলৰ কীৰ্তি শিক্ষাৰ্থী সকলক বঁটা প্ৰদান কৰে।