লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

 08/15/2019 - 15:17

লখিমপুৰঃ লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত স্বাধীনতা দিবসৰ কাৰ্য্যসূচীত বিভিন্ন কুচ কাৱাজ দলসমূহৰ অভিবাদন গ্ৰহণ কৰি ভাষণত হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ উন্নয়নৰ খতিয়ানসমূহ দাঙি ধৰে। স্বাধীনতা দিবসৰ এই অনুষ্ঠানত বিভিন্ন চৰকাৰী বিভাগসমূহে প্ৰতীকপদ প্ৰদৰ্শন কৰাৰ লগতে অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।